Knowledge Base Wiki

Search for LIMS content across all our Wiki Knowledge Bases.

Type a search term to find related articles by LIMS subject matter experts gathered from the most trusted and dynamic collaboration tools in the laboratory informatics industry.

আন্তঃৱিকি লিংক সম্পাদনা কৰক
১০ ১১ ১২  ১৩ 
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

৬ জুলাই (ইংৰাজী: 6 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৭তম (অধিবৰ্ষত ১৮৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭৮টা দিন বাকী থাকে।

ঘটনাৱলী

  • ১৮৮৫ - ফৰাচী বিজ্ঞানী লুই পেষ্টিউৰে জলাতংক ৰোগৰ কাৰণ আৰু তাৰ প্ৰতিষেধক ছিটা আৱিষ্কাৰ কৰে।
  • ১৯৪৪ - নেতাজী সুভাষ চন্দ্ৰ বসুই প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীক জাতিৰ পিতা ৰূপে সম্বোধন কৰে।
  • ১৯৪৮ - নাট্যকাৰ, অভিনেতা, নাট পৰিচালক, নাট সমালোচক সত্যপ্ৰসাদ বৰুৱাদেৱে লিখা "ধৰালৈ যিদিনা নামিব সৰগ" নাটকখন ৰেডিঅ’যোগে প্ৰচাৰ হৈছিল। উল্লেখযোগ্য যে এইখনেই আছিল অল ইণ্ডিয়া ৰেডিঅ'যোগে প্ৰচাৰ হোৱা প্ৰথম অসমীয়া অনাতাঁৰ নাটক।
  • ১৯৫৯ - ডাঃ এন গোপীনাথ আৰু ডাঃ আৰ এইছ বেটছৰ দ্বাৰা প্ৰথমবাৰৰ বাবে ভাৰতত মুক্ত হৃদপিণ্ডৰ অষ্ট্ৰোপচাৰ সম্পন্ন হৈছিল।
  • ১৯৭৫ - ৫০০ বছৰীয়া পৰ্তুগীজ শাসনৰ শিকলী চিঙি মোজাম্বিকে স্বাধীনতাৰ লাভ কৰে।
  • ২০১৩ - যোৰহাটৰ ৰাজমাও পুখুৰীৰ পাৰত অৱস্থিত নৱনিৰ্মিত তাৰকাগৃহটো অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উদ্বোধন কৰে।

জন্ম

  • ১৯০৭ - ফ্ৰিডা কাল', মেক্সিকোৰ চিত্ৰ শিল্পী। (মৃঃ ১৩/০৭/১৯৫৪)
  • ১৯২৬ - মহিম বৰা, 'কলংপৰীয়া কবি' ‘এধানি মহীৰ হাঁহি’ৰ স্ৰষ্টা।
  • ১৯৩৫ - ১৪তম দালাই লামা গিৱালৱা ৰিনপচি। (ইংঃ Gyalwa Rinpoche)
  • ১৯৪৬ - জৰ্জ ডব্লিউ বুশ্ব, ৪৩তম আমেৰিকান ৰাষ্ট্ৰপতি।
  • ১৯৪৬ - ছিলভেষ্টাৰ ষ্টেলন, হলিউডৰ অভিনেতা, ৰেম্ব' আৰু ৰকী বোলছবিৰ বাবে বিশ্ব বিখ্য়াত।
  • ১৯৪৭ - অতুল তামুলী, অসমীয়া শিশু সাহিত্যিক, গল্পকাৰ, কবি, প্ৰবন্ধকাৰ সমালোচক।
  • ১৯৫৫ - শীলা শ্ৰী প্ৰকাশ, ভাৰতীয় স্থপতিবিদ বা আৰ্কিটেক্ট।
  • ১৯৬৪ - নৰ্তকী নটৰাজ, ভাৰতীয় ভাৰতনাট্যম নৃত্যশিল্পী।
  • ১৯৭৪ - গৌৰী শিন্দে, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ।
  • ১৯৯৮ - সুমিত আন্তিল, ভাৰতীয় পেৰা-এথলীট আৰু জেভলীন থ্ৰ' খেলুৱৈ।

মৃত্যু

  • ১৮৫৪ - গিয়ৰ্গ ছিমন ওম, জাৰ্মান পদাৰ্থ বিজ্ঞানী, ওম সূত্ৰৰ আৱিষ্কাৰক।
  • ১৮৯৩ - গী দা মোপাছাঁ, ফৰাচী কথা সাহিত্যিক।
  • ১৯৩৫ - টমাছ মোৰে, ইংৰাজ আইনজ্ঞ তথা চিন্তাবিদ।
  • ১৯৫৪ - কৰ্ণেলিয়া সৰাবজী, ভাৰতীয় বিদুষী মহিলা আছিল।
  • ১৯৬২ - ৱিলিয়াম ফকনাৰ, সাহিত্যৰ নোবেল বিজয়ী আমেৰিকান লেখক। (জন্ম: ১৯১২)
  • ২০০২ - ধীৰুভাই আম্বাণী, ভাৰতীয় শিল্পপতি আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ প্ৰতিষ্ঠাতা। (জন্ম: ১৯৩২)
  • ২০০৫ - ক্লড চাইমন, ফৰাচী ঔপন্যাসিক।

দিৱস

  • পেৰুৰ শিক্ষক দিৱস।
  • কোমোৰোছৰ স্বাধীনতা দিৱস।
  • গল্পৰ দিন।