২৫ আগষ্ট (ইংৰাজী : 25 August ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ২৩৭তম (অধিবৰ্ষ ত ২৩৮তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১২৮টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
১৫২৪ - পৰ্তুগাল ৰ ৰাজপ্ৰতিনিধি ৰূপে বিশিষ্ট নৌ অভিযাত্ৰী ভাস্কো ডা-গামা ৰ তৃতীয় তথা অন্তিমবাৰৰ বাবে ভাৰতলৈ আগমণ ঘটিছিল।
১৬০৯ - গেলিলিঅ' গেলিলিয় ে ভেনিছৰ আইন প্ৰণেতা সকলৰ আগত তেওঁৰ প্ৰথম টেলিস্কোপ প্ৰদৰ্শন কৰে। [ 1]
১৮২৫ - উৰুগুৱে ব্ৰাজিল ৰ পৰা স্বাধীন হয়।
১৮৮৮ - অসমীয়া সাহিত্য বিষয়ক সংগঠন বৰ্তমানৰ অসম সাহিত্য সভাৰ পূৰ্বৱৰ্তী পৰ্যায় অসমীয়া ভাষা উন্নতি সাধিনী সভা ৰ জন্ম হৈছিল।
১৯১৭ - ব্ৰিটিছে সেনাবাহিনীৰ ভাৰতীয়কৰণৰ দিশত প্ৰথম উল্লেখযোগ্য পদক্ষেপ আৰম্ভ কৰে।[ 2]
১৯৫৭ - ভাৰতীয় প'লো খেলৰ দলে ফ্ৰান্সত বিশ্বকাপ জিকে।
১৯৬৬ - মানৱবিহীন মহাকাশযান ‘‘অৰবিটাৰ-১ ’’ৰ দ্বাৰা দ্বিতীয়বাৰৰ বাবে চন্দ্ৰপৃষ্ঠৰ পৰা পৃথিৱীৰ আলোকচিত্ৰ গ্ৰহণ কৰি পৃথিৱীলৈ প্ৰেৰণ কৰিছিল। আনহাতে প্ৰথম ফটোখন ২৩ আগষ্টত লৈছিল।[ 3]
১৯৮৬ - কেমেৰুণত হোৱা প্ৰচণ্ড আগ্নেয়গিৰি ৰ ফলত ১৫০০ লোকৰ মৃত্যু হয়।
জন্ম
১৫৩০ - আইভান দা টেৰিবল বা আইভান চতুৰ্থ, ৰাছিয়াৰ প্ৰথম জাৰ।
১৮৬৬ - টমাছ হাণ্ট মৰ্গান , জীৱবিজ্ঞানী, ১৯৩৩ চনত তেওঁ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
১৮৮৮ - আল্লামা মাশ্ৰিকী , এজন গণিতজ্ঞ, পণ্ডিত আৰু খাকছাৰ আন্দোলন ৰ প্ৰতিষ্ঠাতা।
১৮৯৭ - উইলিয়াম ফকনাৰ , আমেৰিকান ঔপন্যাসিক।
১৯৬২ - ৰাজীৱ কাপুৰ , অভিনেতা। (মৃঃ ০৯/০২/২০২১)
১৯৬২ - তছলিমা নাছৰিন , বাংলাদেশৰ লেখিকা, নাৰীবাদী, নাস্তিকবাদী আৰু মানৱতাবাদী সমাজকৰ্মী।
১৯৮৭ - ব্লেক লাইভলী , হলীউডৰ অভিনেত্ৰী।
১৯৯৪ - বিনেশ ফোগাট , ভাৰতীয় মহিলা মল্লযঁজাৰু, কমনৱেলথ আৰু এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম ভাৰতীয় মহিলা মল্লযঁজাৰু।
মৃত্যু
১৭৭৬ - ডেভিদ হিউম , স্কটিছ দাৰ্শনিক আৰু ইতিহাসবিদ।
১৮১৯ - জে’মচ্ ৱাট , স্কটিছ বিজ্ঞানী, যান্ত্ৰিক অভিযন্তা আৰু ৰসায়নবিদ, ৱাট বাষ্প চালিত ইঞ্জিন বা ৱাট ভাপ ইঞ্জিন ৰ উদ্ভাৱক।
১৮২২ - ৱিলিয়াম হাৰ্ছেল , জাৰ্মান-ব্ৰিটিছ জ্যোতিৰ্বিদ, অৱলোহিত বিকিৰণ (infrared radiation) আৰু ইউৰেনাচ গ্ৰহৰ আৱিষ্কৰ্তা, ৮৩ বছৰ বয়সত মৃত্যু হয়।
১৮৬৭ - মাইকেল ফেৰাডে , পদাৰ্থ বিজ্ঞানী, বিদ্যুত চুম্বকত্ব আৰু বিদ্যুত ৰসায়নৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত হৈছিল। তেওঁৰ প্ৰধান আৱিষ্কাৰ সমূহ হ'ল বিদ্যুত চুম্বকীয় আৱেশ, দ্বিচুম্বকত্ব(Diamagnetism),আৰু বিদ্যুত বিশ্লেষণ।
১৯০৮ - হেনৰী বেকেৰেল , ফৰাচী পদাৰ্থবিজ্ঞানী, তেজস্ক্ৰিয়তা ৰ আৱিষ্কাৰক, ১৯০৩ চনত নোবেল বঁটা লাভ কৰে। ৫৫ বছৰ বয়সত মৃত্য়ু হয়।
১৯৪২ - হেমৰাম বৰা , স্বাধীনতা সেনানী, মিলিটেৰীৰ গুলিত মৃত্যুৰ মুখত পৰে।
১৯৭০ - এৰিক মাৰিয়া ৰেমাৰ্ক , প্ৰথম মহাসমৰৰ সৈনিক তথা খ্যাতনামা লেখক। তেওঁৰ বিখ্যাত গ্ৰন্থ হ’ল অল কোৱায়েট অন দ্য ৱেষ্টাৰ্ন ফ্ৰণ্ট । এই গ্ৰন্থখন প্ৰকাশিত হৈছিল ১৯১৯ চনত। সম্ভৱত প্ৰথম মহাসমৰৰ পটভূমিত লিখা এইখনেই সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ।
২০০১ - আলিয়াহ , আমেৰিকান পপ গায়িকা আৰু অভিনেত্ৰী, বাহামাত বিমান দূৰ্ঘটনা হৈ মৃত্যু হয়।
২০১২ - নীল আৰ্মষ্ট্ৰং ৰ মৃত্যু হয়। তেখেত আমেৰিকাৰ এগৰাকী মহাকাশচাৰী (নাচা এষ্ট্ৰনাট কৰ্প্চ), চন্দ্ৰত ভৰি দিয়া প্ৰথম মানৱ, টেষ্ট পাইলট, এৰ'স্পেচ ইঞ্জিনীয়াৰ, বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু আমেৰিকাৰ নৌসেনাৰ উড্ডয়ক আছিল।
দিৱস
অনান্য
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
↑ Banks, Michael (25 Aug 2009). The day Galileo brought astronomy to the masses . Physics World. https://physicsworld.com/a/the-day-galileo-brought-astron/ .
↑ IMA HERITAGE . INDIAN ARMY. https://indianarmy.nic.in/writereaddata/documents/Heritage120516.pdf .
↑ Lunar Orbiter 1 . https://en.wikipedia.org/wiki/Lunar_Orbiter_1 .